Tuesday, May 18, 2010

বিহুগীত

জাঁপ মাৰি আনকগৈ-ঐ লাং লাং
ঢাপৰ পুলি তামোল-থৈ লাং লাং
মৈতা দি আনকগৈ পাণে হেই-
ঐ লাং লাং থৈ লাং লাং
পদুমণি পুখুৰীত জাকৈ বাং
ৰঙিলী অ’ বাই পমিলী অ’ বাই
জকাই এৰি বিহুলৈ যাং।
খৰেকৈ যাঁওকগৈ- ঐ লাং লাং
শৰাইখন আনকগৈ- থৈ লাং লাং
বিহুৱাক ধৰকহি মানে হেই-
ঐ লাং লাং থৈ লাং লাং
পদুমণি পুখুৰীত জাকৈ বাং
ৰঙিলী অ’ বাই পমিলী অ’ বাই
জকাই এৰি বিহুলৈ যাং।


বোকাৰে গৰৈ মাছ অ’ ভনী ৰুণ-জুন
বোকাতে ঘূৰিলে অ’ ভনী ৰুণ-জুন
মলয়াত উৰিলে বগে ভনী ৰুণ-জুন
ওচৰ চাপি আহাচোন
কাণে কাণে কোৱাচোন
তোমাৰেনো মৰমৰ, তোমাৰেনো মৰমৰ কোন।



লোকে মাছে মাৰে আন্ধুলি-কুন্ধুলি
আমি মাছ মাৰো কুঢ়ি,
লোকে বিয়া কৰায় গাভৰু ছোৱালী
আমি বিয়া কৰাও বুঢ়ী।

লোকে মাছে মাৰে আন্ধুলি-কুন্ধুলি
আমি মাছ মাৰো টোৰা
লোকে বিয়া কৰায় চেঙেলীয়া ডেকাটো
আমি বিয়া কৰাওঁ বুঢ়া।

No comments:

Post a Comment

Followers

About Me

My photo
কেৰিয়াৰ আনুষঙ্গিক কথাবোৰৰ বিষয়ে যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে । ............................................... ২০০০ চনৰ পৰা ইন্টাৰনেট ব্যৱহাৰ কৰি আহিছোঁ । বিভিন্ন ই-মেইল গোট আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটৰ সদস্য । ইন্টাৰনেটৰ যোগেদি সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিছো আৰু যোগাত্মক খবৰ তথা জানীবলগীয়া তথ্যবোৰ যিমান পাৰিছো ৰাইজৰ মাজত বিলাইছো। এই কামবোৰ কৰি ভাল লাগে। সেইদৰে মনত উদয় হোৱা কিছুমান ভাব বাতৰিকাকত/আলোচনী তথা ইণ্টাৰনেটৰ বিভিন্ন ই-মেইল গোট / ছ’চিয়েল নেটৱর্কিং ছাইটৰ যোগেদি ৰাইজৰ আগত মাজ মাজে দাঙি ধৰিছোঁ আৰু তাৰে কিছুমান নিজেও কার্যকৰী কৰিবলে চেষ্টা কৰিছোঁ। কেতিয়াও ক’তো কোৱা নাই যে এইবোৰ দ্বাৰা অসমখনৰ কিবা সাংঘাতিক পৰির্বত্তন আনিব পাৰিম। ইণ্টাৰনেট পৃথিৱীৰ বাহিৰতো নিজৰ সামর্থ্য , সময় , শক্তি আদি অনুযায়ী যিমান পাৰো মাজ মাজে কৰি আছোঁ আৰু যদি সম্ভৱ হয় আগলৈ নিজৰ ইচ্ছা মতে কৰি যাম বুলি ভাবিছোঁ। --------------------------------- ড° বুলজিৎ বুঢ়াগোহাঁই সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজি, গুৱাহাটী-৭৮১০১৭, অসম । ফোন: ৯৪৩৫১-৮৮৬৩০ ৱেবচাইট : http://www.gimt-guwahati.ac.in/