-->
বিশ্বৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ অভিধান
(World’s First And The Only English-Assamese Online Dictionary)
শব্দ (http://www.xobdo.net) বিশ্বৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ (online) অভিধান| ইন্টাৰ্নেটৰ মাধ্যমত সমগ্ৰ বিশ্বতে বিনামূল্যে উপলব্ধ এই অভিধান অসমীয়া ভাষাৰ বাবে এক অভূতপূ্ৰ্ব পদক্ষেপ| কোনো মুষ্টিমেয় পণ্ডিতে এই অভিধান ৰচনা কৰা নাই, বৰং ১২,০০ৰো অধিক সাধাৰণ অসমীয়াভাষীৰ এক বিশ্বজোৰা সহযোগিতামূলক প্ৰচেষ্টাত এই অভিধানখনে গঢ় লৈ উঠিছে| অসমীয়াৰ বাহিৰেও উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, যেনে- বড়ো, খাছী, মিচিং, টাই, ডিমাচা, কুকি, চাকমা, গাৰো, মনপা, নাগামিজ আদিও এই অভিধানখনত সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে|
আন অসমীয়া অভিধানৰ তুলনাত শব্দ-ই অত্যাধুনিক তথ্যপ্ৰযুক্তিৰ সহায় লৈ বহুতো সুফল লাভ কৰিছে –
- ইন্টাৰ্নেটৰ সহায়ত সমগ্ৰ বিশ্বতেই মূহুৰ্ততে প্ৰকাশ পায়| শকত অভিধান এখন কঢ়িয়াই ফুৰা আৰু তাৰ পৰা কোনো শব্দ বিচাৰি উলিওৱাৰ বিপৰীতে, শব্দ-ই কেই ছেকেণ্ডমানৰ ভিতৰতে বিশ্বৰ যিকোনো প্ৰান্ততে অসমীয়া শব্দৰ অৰ্থ, তাৰ সমাৰ্থক বা বিপৰীত অৰ্থৰ শব্দ যোগান ধৰিব পাৰে|
- ইয়াক অবিৰতভাৱে সংশোধন/সংযোজন কৰি থকা হয়| সেয়ে আন অভিধানৰ দৰে নতুন সংকলনৰ বাবে বহু বছৰ অপেক্ষা কৰাৰ প্ৰয়োজন নাই|
- ভিডিঅ’, আলোকচিত্ৰ অথবা ধ্বনি সংযোজন কৰিব পৰা যায়|
- সবিশেষ তথ্য থকা আন কোনো জালস্থানৰ (website) পৰাসংযোগ (hyperlink) সন্নিবিষ্ট কৰিব পৰা যায়|
- ছাইবাৰ-গণতন্ত্ৰৰ (cyber-democracy) প্ৰয়োগ: ইতিমধ্যে উল্লেখ কৰা হৈছে যে আন অভিধানৰ দৰে এই অভিধান মুষ্টিমেয় পণ্ডিতে ৰচনা কৰা নাই| যুগান্তকাৰী ইন্টাৰনেট-প্ৰযুক্তিৰ সহায়ত বিশ্বৰ বিভিন্ন প্ৰান্তত সিচঁৰতি হৈ থকা ১২,০০ৰো (এই সংখ্যা বৃদ্ধি পাই আছে) অধিক অসমীয়া-ভাষী স্বেচ্ছাসেৱকে ভাগ লৈছে এক গঠনমূলক গণতান্ত্ৰিক প্ৰণালীত, য’ত সহযোগিতাৰে সকলোৱে অভিধানখনৰ প্ৰতিটো শব্দ আৰু তাৰ অৰ্থৰ ওপৰত নিজ মত প্ৰকাশ কৰে, আলোচনা-সমালোচনা আগবঢ়ায় আৰু অৱশেষত এক উমৈহতীয়া সিদ্ধান্ত লয়|
- শব্দৰ বিভিন্নতা(Word Variation): এই অভিধানত অসমীয়া ভাষাৰ বিভিন্ন উপভাষা যেনে – কামৰূপীয়া, গোৱালপৰীয়া, দৰঙীয়া আদি সন্নিবিষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে| তদুপৰি এই অভীধানখনত শব্দবোৰক প্ৰাচীন অসমীয়া, কাব্যিক, কথিত, লিখিত, slang, বৈজ্ঞানিক আদি বিভিন্ন ব্যৱহাৰভিত্তিক শ্ৰেণীত শ্ৰেণীভূক্ত কৰা হয়|
- বহুভাষিক (Multi-Lingual): শব্দ-ৰ অভ্যন্তৰীণ গাঁঠনি এনেধৰণে তৈয়াৰ কৰা হৈছে যে ই অৰ্থটোক মূল ভেঁটি হিচাপে লৈ সেই অৰ্থ প্ৰকাশ কৰা আন-আন ভাষাৰ শব্দও নথিভূক্ত কৰি ৰাখিব পাৰে| এই গাঁঠনিৰ সুযোগ লৈ উত্তৰ-পূৰ্বাঞ্চলৰ আন ১২টা ভাষাৰ শব্দ সংযোজন কৰাৰ পৰিকল্পনা কৰা হৈছে| ইয়াৰ বাবে এই অন্যান্য আঞ্চলিক ভাষা জনা স্বেচ্ছাসেৱকৰ সহায় বিচৰা হৈছে|
- সাধাৰণ শব্দৰ বাহিৰেও এই অভিধানত “Encyclopedic Entry” বিশ্বকোষৰ দৰে খ্যাতনামা ব্যক্তি, স্থান, পুথি, চলচিত্ৰ আদিৰ বিষয়ে সবিশেষ অন্তৰ্ভূক্ত কৰাৰো ব্যৱস্থা কৰা হৈছে|
শব্দ-ই কোনো বিশেষ অভিধান বা চৰকাৰী পৰিভাষাৰ তালিকা মানি চলিব নিবিচাৰে| ই এনে এখন স্বতন্ত্ৰ অভিধান ৰূপে নিজকে সাব্যস্ত কৰিব বিচাৰে, যি ভাষাটিৰ বৰ্তমান ৰূপৰ সঠিক প্ৰতিবিম্ব দাঙি ধৰিব পাৰে| সেয়ে বৰ্তমান সময়ত প্ৰচাৰ-মাধ্যম, কাগজ-আলোচনী, বিখ্যাত লেখক-লেখিকাৰ উপন্যাস, প্ৰবন্ধ আদিত শব্দবোৰৰ কেনেভাৱে প্ৰয়োগ কৰা হৈছে তাক বিশ্লেষণ কৰি শব্দাৰ্থবোৰ সংযোজন কৰে|
বহুতে প্ৰশ্ন কৰে এই অভিধানৰ মালিক বা স্বত্বাধিকাৰী কোন? উত্তৰত ক’ব পাৰি যে ‘Open Source’ নীতিৰ সদৃশ এই অভিধানৰ যি অংশ যি ব্যক্তিয়ে অৰিহণা যোগাইছে তেওঁৱে সেই অংশৰ স্বত্বাধিকাৰী| আনকি প্ৰতিটো শব্দৰ স্বত্বাধিকাৰী সেই শব্দ অৱদান কৰা ব্যক্তিজন| যিহেতু প্ৰত্যেক অসমীয়া জনা ব্যক্তিয়ে ইয়াত শব্দ যোগ দিব পাৰে, সেয়ে প্ৰত্যেকেই ইয়াৰ স্বত্বাধিকাৰী হ’ব পাৰে|
আন এটি প্ৰশ্ন সঘণে শুণা যায় - এই অভিধানৰ কাম সমাপ্ত হবলৈ কিমান দিন লাগিব? আমাক ১০০০০(দহ-হাজাৰ) অসমীয়া শব্দ সংযোজন কৰিবলৈ প্ৰায় দুবছৰ সময় লাগিল| এখন অসমীয়া অভিধানত সাধাৰণতে ৫০০০০ মান শব্দ থাকে| সেই হিচাপে শব্দ এখন পূৰ্ণঙ্গ আভিধানৰ সমকক্ষ হ’বলৈ আৰু কমেও আঠ বছৰ সময় লাগিব| অসমীয়াৰ বাহিৰে আন ভাষাবোৰৰ কথা চিন্তা কৰিলে, এই উত্তৰ দিয়া সহজ নহয়| কিন্তু শব্দ-ক অসমীয়া আৰু আন ভাষা কেইটাৰ এখন খিৰিকি যাৰ সহায়ত আমি ভাষাকেইটিৰ জীৱন্ত ৰূপ চাব বিচাৰোঁ বুলি যদি গণ্য কৰা হয়, তেনেহ’লে ভাষাকেইটি যিমান দিনলৈ এই ধৰণীত থাকিব, সিমান দিন ধৰি আমি এই অভিধান সংশোধন আৰু সংযোজন কৰি থকিব লাগিব|
আহক এই অভিলাষী প্ৰকল্পত যোগ দিয়ক|
Xobdo was born on 10-March-2006. This website was inaugurated on 14-April-2006.
বুলজিৎ বুঢ়াগোহাঁই, প্রচাৰ শাখা, শব্দ
আপোনার আইডি সেয়াঃ
ReplyDeletehttp://buljit.blogspot.com
এতিয়া, কাস্টমাইজ ব্লগত গৈ পছন্দ মতে গেজেত ডাউনলোদ করক আরূ সজাওক। আপুনি ইয়ার পরা
http://www.bloggerbuster.com/2009/08/101-awesome-free-blogger-templates.html
বা বাংলাহ্যাক্সর পরা templet লব পারে।
ধন্যবাদ ।
ReplyDeleteবুলজিৎ ডাঙৰীয়া, আপোনাৰ কাম প্ৰশংসনীয়। আপুনি আজিকালি আপডেট কৰেনে?
ReplyDeletesands casino review: online slots games and paytable
ReplyDeleteWith a gaming selection 카지노사이트 of over 1000 slots, progressive jackpots, live casino, bingo and live dealer games, Sands Casino has a 온카지노 great deal of 샌즈카지노 games.