অসমৰ এজনী সোণ ঐ সোণজনী সোণোৱালী দলিচা
ধুনীয়া ছোৱালী সোণ ঐ সোণজনী সোণোৱালী দলিচা
কালৈ তুমি সাচিছা কালৈ তুমি ৰাখিছা
আশা মোৰে সোণ ঐ সোণজনী
দিবা জানো দিবা জানো
মৰমৰ মাত।
চৰাইদেওথানতে ৰেইকি ৰেৰেইৰেৰেই
ৰেলগাড়ী চলিছে ৰেইকি ৰেৰেইৰেৰেই
মোৰেসোণ চেনায়ে চলাইছে ৰেলগাড়ী
নাচনি কলবাৰীত
মাতে ঘেৰেঘেৰাই যায়ে কি অ চেনাই
বহুদিন দেখা নাই
তোমাৰ মিচিকীয়া হাঁহি
অ চেনাই তোমাৰ মিচিকীয়া হাঁহি
উকিয়াই উকিয়াই ৰেলগাড়ী চলি যায়
ষ্টেচনৰ, নাচনি কলবাৰীত
মাতে ঘেৰেঘেৰাই যায়, অ চেনাই মাতে ঘেৰেঘেৰাই যায়
আমাৰ বিহু চাবলৈ – হায় ঐ হালি-জাপি
আহিছে ককাইহঁত - হায় ঐ হালি-জাপি
আমালৈ আনিছে কি, ঐ আমালৈ আনিছে কি
আমালৈ আনিছে- হায় ঐ হালি-জাপি
ইলাচি দালচিনি- হায় ঐ হালি-জাপি
কোট-চোলা বনধকত দি, ঐ কোট-চোলা বনধকত দি-
দিয়েনো হালি-জাপি ঐ ভাঙোনো শলি-কাঠী ঐ
নিয়ৰতে, নিয়ৰতে তিয়াই যাও ভৰি l
গগনা আৰণি গগনা পুৰণি
গগনা কিহেৰে বায়
দুফালে দুচটি মাজতে এচটি
মুগাসূতা লগায়ে বায় ।
বিহুৱতী চৰায়েনা, অ’ আইতা নকছাৰি
কৰে বিহু বিহুনা, অ’ আইতা নকছাৰি
আমাৰ বিহু ভাঙোতা নায়ে আইতা নকছাৰি
চাৰিগাঁৱৰ ডাব-কটাৰী
মৰিগাৱৰ তামোলে পাণে আইতা তেজীমলা
ৰৈ ৰৈ ধেমালি, ৰৈ ৰৈ ধেমালি কৰ।
কয়ে কলিকতা লয়ে লক্ষীমপুৰ
ডিব্রুগড় কিমানৰ দূৰ
অতিকৈ বিয়াকুল ন’হবা মইনা
আমাৰ যোৰকটাত ঘৰ।
ওলায়ে দেখিলো চিচিমুখৰ কলঘৰ
দুৱাৰখন মুকলি হল
মোৰ যে লাহৰী মোকনো পাহৰি
নেদেখা ৰাজ্যলৈ গ’ল।
ঘৰলৈ গ’লে মোক আয়ে দংশিব
কেনেকৈ ছিঙিলি কাণ
লাইপুলীয়া নৈখন কুৰুকা কুৰুকি
তাতে পৰি ছিগিলে কাণ।
কঢ়া সোৱণসিৰি হ’ল একেসুঁতি
মাৰো চুলি মেলি বুৰ
ৰাতিয়ে ৰাতিটো ভাবিলো চিনতিলো
কথাৰো নেপালো ওৰ।
"বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্রাণ,
এনোৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান ।"
" চ'তে গৈয়ে গৈয়ে ব'হাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈয়ে থাকো মানে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা ।"
"বিহু মাৰি থাকিবৰ মনে ঐ লাহৰী
বিহু মাৰি থাকিবৰ মন,
বিহু মাৰি থাকোঁতে পলুৱাই নিনিবি
ভৰিব লাগিব ধন।"
"আজি গধূলিকৈ যাম ঐ লাহৰী
বাটৰে নঙলা খুলি,
কুকুৰে ভুকিলে তই আহিবি
ক'ত কি দেখিছ বুলি ।"
"আজি গধূলিকৈ নাহিবি চেনাই ঐ
নোপোৱা পদূলিত মোক ,
পৰহিলৈ গধূলি আহিবা চেনাই ঐ
ফালি যাম বেৰৰে চুক।"
"হাঁহ হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত,
ঘাম হৈ সোমামগৈ তোমাৰে শৰীৰত
মাখি হৈ চুমা দিম গালত।"
"কিনো খাই পাহৰিম তোকে ঐ লাহৰি
কিনো খাই পাহৰিম তোক,
মিচিকি আহিলে বৰবিহ আনিব
তাকে খাই পাহৰিম তোক ।"
"পৰ্বতে পৰ্বতে বগাব পাৰো মই
লতা বগাবলৈ টান
জুৰীয়া হাতীকো বলাব পাৰো মই
চেনাইকহে বলাব টান।"
"হাতী হেৰুৱালো লিহিৰী বনত ঐ
ঘোঁৰা হেৰুৱালো ৰণত
পায়ো হেৰুৱালো সৰগৰ মুকুতা
চোতালৰ দুৱৰি বনত।"
"চৰাই হৈ পৰিমগৈ তোমালোকৰ চোতালত
মাছে হৈ ধৰা দিম জালত
ঘামে হৈ সোমামগৈ তোমাৰে শৰীৰত
মাখি হৈ চুমা দিম গালত।"
"জাপে দিম মই দিচাঙত
দেখা দিম মই সপোনত
মৰম দিলে চেনেহ দিম
চিঠিৰে ঐ লগতে
কবিতা মই লিখি দিম
সেইখন চিঠি পঢ়িবলৈ
লাইটৰ পোহৰ নালাগে
লেম্পৰ পোহৰ নালাগে
মোৰ কলিজাৰ কেঁচা তেজ
আন্ধাৰতো জিলিকে।"
"কচুপাতে খজুৱাই
পদুমপাতে হহুৱাই
তুমি হৈছা পদুমপাত
মইনো হৈছো কচুপাত
ওচৰ চাপি নাহিবা
খজুৱাব তোমাৰ গাত।"
"চিপবন চিৰাদৈ থুৰীয়াই কাটিলো
চিপবন চিৰাদৈ তামোল তিনিখনি
চিপবন চিৰাদৈ নুৰীয়াই বান্ধিলো পাণ,
অ’ চেনাই নুৰীয়াই বান্ধিলো পাণ
চিপবন চিৰাদৈ পথাৰে পথাৰে
চিপবন চিৰাদৈ বিচাৰি ফুৰিলো
চিপবন চিৰাদৈ ক’তে দাই আছিলা ধান
অ’ চেনাই ক’তে দাই আছিলা ধান।"
"ৰঙিলী ঐ পমিলি ঐ
বিহু মাৰিবলৈ ওলাই আহ।"
Subscribe to:
Post Comments (Atom)
Followers
Blog Archive
About Me
- বুলজিৎ
- কেৰিয়াৰ আনুষঙ্গিক কথাবোৰৰ বিষয়ে যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে । ............................................... ২০০০ চনৰ পৰা ইন্টাৰনেট ব্যৱহাৰ কৰি আহিছোঁ । বিভিন্ন ই-মেইল গোট আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটৰ সদস্য । ইন্টাৰনেটৰ যোগেদি সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিছো আৰু যোগাত্মক খবৰ তথা জানীবলগীয়া তথ্যবোৰ যিমান পাৰিছো ৰাইজৰ মাজত বিলাইছো। এই কামবোৰ কৰি ভাল লাগে। সেইদৰে মনত উদয় হোৱা কিছুমান ভাব বাতৰিকাকত/আলোচনী তথা ইণ্টাৰনেটৰ বিভিন্ন ই-মেইল গোট / ছ’চিয়েল নেটৱর্কিং ছাইটৰ যোগেদি ৰাইজৰ আগত মাজ মাজে দাঙি ধৰিছোঁ আৰু তাৰে কিছুমান নিজেও কার্যকৰী কৰিবলে চেষ্টা কৰিছোঁ। কেতিয়াও ক’তো কোৱা নাই যে এইবোৰ দ্বাৰা অসমখনৰ কিবা সাংঘাতিক পৰির্বত্তন আনিব পাৰিম। ইণ্টাৰনেট পৃথিৱীৰ বাহিৰতো নিজৰ সামর্থ্য , সময় , শক্তি আদি অনুযায়ী যিমান পাৰো মাজ মাজে কৰি আছোঁ আৰু যদি সম্ভৱ হয় আগলৈ নিজৰ ইচ্ছা মতে কৰি যাম বুলি ভাবিছোঁ। --------------------------------- ড° বুলজিৎ বুঢ়াগোহাঁই কেৰিয়াৰ পৰাৰ্মশদাতা ফোন: ৯৪৩৫১-৮৮৬৩০
No comments:
Post a Comment